পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

ভকতিৰ বলে জ্ঞান লভিয়া নিৰ্গুণ।
জীৱন্তে মুকুত হুই ৰহিল অৰ্জ্জুন॥

(কীৰ্ত্তন, ১৯৫৬)

⸻⸻

আত্ম-নিবেদন

১। তুমি সমস্তৰে চিত্ত  জানাহা জগতনাথ
 তোমাক আপিলো কলেৱৰ।
 ছিণ্ডিয়োক মোহপাশ আজি ধৰি ভৈলো দাস
 কৰা কৃপা জগত ঈশ্বৰ॥

(দশম, ৫০২)

২। পুত্ৰ পত্নী সৱাক সেৱক কৰি দিব।
 আপোন প্ৰাণকো কৃষ্ণ পাৱত অৰ্পিব॥
 কৰিব সুহৃদ হৰি ভকত সহিতে।
 বৃক্ষ পশু পক্ষীকো অৰ্চ্চিব যথোচিতে॥

(নিমিনৱসিদ্ধ, ১৫০)

৩। যৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ।
 কীট পটঙ্গকো তথা কৰয় পৱিত্ৰ॥
 নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
 আমাত অৰ্পণ কৰে আপোনাৰ দেহা॥

(কীৰ্ত্তন, ৪৬১)

⸺⸻