পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৵৹

হাটী আদি স্থাপন, অস্পৃশ্যতা বৰ্জ্জন, মাদকতা নিবাৰণ, অহিংসা শিক্ষা, ভূত-দয়া, পশুহিংসা নিষেধ, কূৰ্ম্ম-কাণ্ড ত্যাগ, উচ্চ গীত- বাদ্যৰ প্ৰচলন, সৰ্ব্ব-সাধাৰণৰ উপযোগী নাটৰ প্ৰৱৰ্ত্তন, চিত্ৰাঙ্কনৰ উৎকৰ্ষতা সাধন, পৰিষ্কাৰ পৰিছন্নতা প্ৰচলন, আদি শিক্ষা আদি উল্লেখযোগ্য। ডাঙৰ ডাঙৰ সত্ৰবোৰ কেন্দ্ৰীয় সত্ৰ। প্ৰতি কেন্দ্ৰীয় সত্ৰৰ তলত বহুত সৰু সৰু সত্ৰ আছে! ইবিলাক গণতান্ত্ৰিক অনুষ্ঠান। সকলোৰে নিজ নিজ পুজি আছে। আৰু তাৰপৰাই গুৰু-কৰ, তেল-বন্তি আদিৰ খৰচ যোগোৱা হয়। সকলো সময়ত সত্ৰ আৰু হাটীত প্ৰতি গৃহস্থৰ আৰু বিধৱা তিৰোতৰ সমান ভোটাধিকাৰ আছে। এই সত্ৰ আৰু হাটীবিলাক কেৱল উপাসনাৰ অনুষ্ঠানেই নহয়; ইবিলাকত ভিলেজ কোট আৰু ভিলেজ আৰ্বিট্ৰেছন বোৰ্ড (বা গাৱঁলীয়া পঞ্চায়ৎ) আৰু লোকেল বোৰ্ডৰো কাম চলে। সকলো ৰকমৰ সৰু সৰু মামলা ইবিলাকত বিচাৰ আৰু নিষ্পত্তি হয়। আলি-পদুলি আদিৰো ব্যৱস্থা ইবিলাকে কৰে। বহুত সত্ৰত পুথি পঢ়িব পৰাকৈ বিদ্যা-শিক্ষাৰ বন্দোবস্ত কৰা হয়।

 ধৰ্ম্ম-সংস্কাৰ :— শ্ৰীশঙ্কৰদেৱৰ জন্মৰ সময়ত অসমত তান্ত্ৰিক ধৰ্ম্মৰ প্ৰচলন আছিল। ভূঞাসকলো শক্তিৰ