পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৴৹

পাটবাউসিৰপৰা নিয়াই নিজ ঘৰত আশ্ৰয় দিলে। ৰজাৰ গৰমলিয়ে শ্ৰীশঙ্কৰদেৱক নাপালে। তাৰ পিচত ছোট দেৱানৰ ঘৰৰপৰা তেওঁ ৰাজসভালৈ গৈ এটি ভট্টিমা মাতি ৰাজ-দৰ্শন কৰিলে। ৰজা নৰনাৰায়ণে শ্ৰীশঙ্কৰদেৱৰ “বয়ন চান্দকোহো জ্যোতি,” “গহন গম্ভীৰ ধীৰ মতি” আৰু ভট্টিমাত পাণ্ডিত্যৰ পৰিচয় পাই ইমান মোহিত হল যে তেওঁ ততালিকে মহাপুৰুষক যথাযোগ্য সম্মান দেখুৱাবলৈ আদেশ কৰিলে। ব্ৰাহ্মণ সকলৰ অভিযোগ অমূলক আৰু বিদ্ৰূপৰ বিষয় বুলি প্ৰমাণিত হল আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সেই দিনা গৌৰ- ৱেৰে সৈতে ৰাজসভাৰপৰা প্ৰস্থান কৰিলে। সেই দিন ধৰি গুৰুজন ৰজাৰ শ্ৰদ্ধা আৰু আদৰৰ পাত্ৰ হল আৰু ৰজাৰ অনুগ্ৰহ লাভ কৰিব ধৰিলে। তাতে তেওঁ মধুপুৰ নামে এখন সত্ৰ স্থাপন কৰিলে আৰু একশৰণ (নাম ধৰ্ম্ম) ধৰ্ম্ম বিলাবলৈ আৰম্ভ কৰিলে। প্ৰথম বাৰ তাত ছমাহ থাকি পাটবাউসিলৈ উলটি আহে। পাছে ৰাজাদেশ মতে বছৰি এবাৰকৈ কোছ- বিহাৰলৈ যোৱা তেওঁৰ কাম হল। শেষ বাৰে মধুপুৰ সত্ৰতে ১৫৬৮ খৃষ্টাব্দত মহাপুৰুষ শঙ্কৰদেৱে নৰদেহা এৰি পৰম্পদ বৈকুণ্ঠ-প্ৰয়াণ কৰে।

 সমাজ সংস্কাৰঃ—গণতান্ত্ৰিক অনুষ্ঠান প্ৰৱৰ্ত্তন (সত্ৰ,