পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
মহাপুৰুয শঙ্কৰদেৱৰ বাণী

তাৰ চিন্তা এড়ি  চিন্তিয়োক হৰি
 অন্তকে পাইলেক পৰা।
এৰি আন কাম  বোলা ৰাম ৰাম
 সুখে ভৱ নদী তৰা॥

(কীৰ্ত্তন, ৬৩২)

১৬। মন মাধৱ ৰাম ৰাম জপ অৱিশ্ৰাম।

(কীৰ্ত্তন ঘোষা, ১৫৯)

১৭। স্মৰণ মাত্ৰকে যাক তৰয়ে সংসাৰ।
 হেনয় সুহৃদ দেৱ কৈত পাইবা আৰ॥
 পৰম ঈশ্বৰ আত্মা বান্ধৱ সাক্ষাত।
 প্ৰত্যেকে আছয় হৰি সবাৰ হিয়াত॥
 এক চিত্তে চিন্তা তান চৰণ কমল।
 লৱা ৰাম নাম মহা মৰণ সম্বল॥
 ঘোৰ পৰলোকে আন নাহিকে সহায়।
 পৰম সুহৃদ একে নামত বিনায়॥
 জানিয়া যতনে তৰিবাৰ কৰা কাম।
 পাতেক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

(ষষ্ঠ, ৫৩১৩—৫৩১৫)

১৮। মন ৰাম বোল ৰাম বোল ৰাম বোল ৰাম।
 চিন্ত চতুৰ্ভূজ চতুৰ্ভূজ হৰি॥

(কীৰ্ত্তন ঘোষা, ১২১)