পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০। ভাৰত ভূমিত  লভি নৰতনু
 আক বৃথা কৰা কিক।
 মুঢ় জনে যেন  নজানি বিকল্প
 কাচৰ মোলে মাণিক॥
 হেন অনুমানি  চিন্তা চক্ৰপাণি
 অনাদৰি আন কাম।
 তেবেসে ইবাৰ  তৰিবা সংসাৰ
 ডাকি বোলা ৰাম ৰাম॥

(ৰুক্মিণী হৰণ কাব্য)

১৪। কোটি কোটি জন্ম  অন্তৰে যাহাৰ
 আছে মহা পুণ্যৰাশি।
 সি সি কদাচিত  মনুষ্য হোৱয়
 ভাৰত বৰিষে আসি॥
 দেৱৰ দুৰ্ল্লভ  ইহেন জন্মক
 বৃথা কৰা কোন কামে।
 গৃহতে থাকিয়া  হৰিক স্মৰিয়া
 মোক্ষ সাধা হৰিনামে॥

(কীৰ্ত্তন, ২১৫)

১৫। ভণিল শঙ্কৰে  শুনা সব নৰে
 যতেক বিষয় ভোগ।
 পুত্ৰ-দাৰা ধন  শৰীৰ স্বজন
 সবাৰ আছে বিয়োগ॥