পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উত্তম ভক্তি

১ ৷ মোৰ জন্ম-কৰ্ম্ম মোহোৰেসে গুণ-নাম।
 আকেসে কীৰ্ত্তন কৰিবেক অবিৰাম॥
 মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি।
 আকেসে বুলিয় সুখি উত্তম ভকতি॥

(ভক্তি প্ৰদীপ, ২৯)

অব্যাভিচাৰী ভক্তি

১ । মই বিনে আন একো নভজা দেৱক।
 সেই ভক্তি এৰুৱাৱে সমস্ত ধৰ্ম্মক॥
 সেই এক শৰণ-ভজন অনুপাম।
 নুশুনয় আন একো দেৱতাৰ নাম॥
 অব্যাভিচাৰিণী আক বুলিয় ভকতি।
 নাহিকে প্ৰয়াস আতি অল্পে সাধে গতি॥

(ভক্তি প্ৰদীপ, ৩০—৩১)

২ । কেৱলে অব্যাভিচাৰী ভকতিত হৰি।
 হোৱন্ত সন্তুষ্ট অতি জানা নিষ্ট কৰি॥

(ৰত্নাকৰ ভাঃ ৪২৮)