পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷

কৃষ্ণৰ চৰণে প্ৰেম  ভকতিক উপজাৱে
 পাৱৈ বিষ্ণু-জ্ঞান মহাতত্ত্ব॥
মায়াকো দহৱৈ তাৰ  কৰৈ মহা উপকাৰ
 দেখা কেনে ধৰম একান্ত।
যিটো পূৰ্ণানন্দ হৰি  তেন্তে এৰে এক কৰি
 থৈয়া নাম হৱৈ উপশান্ত॥
হেন নাম আছে কাছে  গাৱে গাৱে মুখ আছে
 তথাপিতো পড়ৈ যাতনাত।
কিনো মহা মুঢ় মতি  তাৰ আৰু নাহি গতি
 কৰিলে আপুনি আত্মঘাত॥
জানি এড়া আন মতি  ভকতিত কৰা ৰতি
 নেড়িবা মুখত ৰাম নাম।
তৰিবা সংসাৰ দুখ  লভিবা মুকুতি সুখ
 সঘনে ঘোষিয়ো ৰাম ৰাম॥

(দশম, ১০৪৯৩—১০৪৯৬)

⸺⸺

ভাগৱতী-ভক্তি

১ । হুৱা শুদ্ধমন আতি  সকল ইন্দ্ৰিয় বৃত্তি
 বিষ্ণুত অযত্নে প্ৰৱৰ্ত্তয়।
 নবাঞ্চয় একো কাম  জানিবা তাহাৰে নাম
 ভাগৱতী ভকতি উত্তম॥

(ৰত্নাকৰ ভাঃ, ৪৭৬)