পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেম ভক্তি

১ । অন্য অন্যে হৰিক স্মৰয় স্মৰাৱয়।
 মহা-প্ৰেম-ভকতি তাহাতে উপজয়॥
 হোৱে পুলকিত তনু কতো কান্দে হাসে।
 কতো নাচে গাৱে অলৌকিক বাক্য ভাসে॥

(ৰত্নাকৰ ভাঃ, ৫২৮—৫২৯)

২ ৷ প্ৰেম ভকতিৰ চিহ্ন শুনিয়ো উত্তৰে।
 হৰি হৰি বোলন্তে লোতক যাৰ ঝৰে॥
 মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত।
 জানা তাৰ পৰম পৱিত্ৰ ভৈল চিত॥
 প্ৰেমে দ্ৰৱে চিত্ত অতি গদ গদ বাণী।
 কতো হাসে কতো কান্দে মোকে প্ৰিয় মানি॥
 লাজ এৰি গাৱে গীত নাচে আনন্দতে।
 জগত পৱিত্ৰ কৰে সেহিসে ভকতে॥
 মোক লাগি প্ৰেম উপজিল যাৰ মনে।
 নেড়ো সখি তাহাৰ হৃদয় সৰ্ব্বক্ষণে॥

(একাদশ, ১৯২৮৮—১৯২৯০)

৩ । ঘন ঘন শ্বাস ফোকাৰে বৰবালা
 হৰিকো ৰহলি ধিয়াই।
 একু মনে প্ৰেম-ভকতি ভাৱয়ে
 হৃদি পদ পঙ্কজ ধৰয় ঝুৰয় নীৰ,