পৃষ্ঠা:ময়না.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
ময়না

তাহাঁতৰ সমনীয়া আৰু লগৰীয়া ভাটিৰামৰ তালৈ গুচি গৈছে; বুঢ়া মাক-বাপেকৰ দুখৰ পাৰ- কুল নাই।

 কমাণ্ডাণ্ট অফিচাৰক নদৰামে সকলো কথা কলে। অফিচাৰে তাৰ চিঠিখন লৈ জিলাৰ ডিপুটি কমিছনাৰলৈ পঠালে কিন্তু আচল কথাটোৰ আৰু একো খা-খবৰ অনেক দিন নিমিলিল।

 ইয়াৰ পাছত ফ্ৰান্সত থাকা ভাৰতীয় সৈন্য ইজিপ্ট, মেচপটেমিয়া প্ৰভৃতি ঠাইত ঘূৰি ফুৰাৰ লগতে নদৰামেও অনেকদিন ঘূৰি ফুৰি মাহ ডেৰমাহৰ আগতে ঘৰ পাইছেহি।

 ঘৰ পাইয়েই তাৰ ‘মামলাটোৰ’ এটা মীমাংসা কৰিবলৈ ‘চালিচ’ ছপাইছিল; কিন্তু ভাটিৰামে একো নামানে।

 তাৰ ঘৈণীয়েক ভাটিৰামৰ তালৈ যোৱাত নদৰামৰ তিমান আপছোছ নাই; কিয়নো ভাটিৰামৰ অৱস্থা ভাল, মানুহ জনো দেখন-শুৱনত চকু-লগা, আৰু আগৰ পৰা ভাটিৰামৰ লগতো ছোৱালীটিৰ প্ৰীতি আছিল। কিন্তু আপছোছৰ কথা এই, যে সি ঘৰত নাথাকাত মাক-বাপেকক ইমানখিনি দুখ দি তাই এনেটো কৰিব নালাগিছিল। সি লড়াইত ঘাইল হোৱা হলে মাক বাপেকৰ দুৰ্দশা কি হলহেঁতেন।

 কোৱা বাহুল্য, যে এই কথাৰ মীমাংসা মোৰ পৰা হবৰ একো সম্ভাৱনা নেদেখি নদৰামক থানালৈ যাব কলো।

 প্ৰায় এঘণ্টাৰ পাছত নদৰাম থানাৰ পৰা ঘূৰি আহিল। থানাত সি সমিধান পালে, যে আঠ দহ দিনৰ ভিতৰতে বৰ চাহাব সেইবোৰ ঠাইলৈ আহিব; তাৰ কথাটো বৰ চাহাবক মুখে মুখে কলে, চাহাবে তেতিয়াই তাৰ এট৷ সুমীমাংসা কৰিব।

 নদৰামৰ ভাব, সি লড়াইৰ পৰা অহা মানুহ, ৰাজাৰ কাৰণে যুদ্ধ কৰি যদি ফুৰোতে যদি আনে তাৰ তিৰোতা লৈ যাব লাগিল, তেনেহলে ৰাজাৰ গৌৰৱ নো ৰক্ষা পৰিল কেনেকৈ?


( ৪ )

 জিলাৰ বৰ চাহাব কি এটা ষ্টেশনত নামি তাৰ ওচৰতে ইন্‌স্পেক্‌চন বঙলাতে আছেহি। নদৰামে তাৰ গোচৰ বৰ চাহাবক জনালে। চাহাবে হুকুম কৰিলে, যে তাহাতৰ নিজ গাৱঁত গৈ তেওঁ পাছ দিনাই এই কথাৰ মীমাংসা কৰিব।

*    *    *

 গাৱঁত গাওঁবুঢ়া মেম্বৰ প্ৰভৃতি অনেক লোক! বৰ চাহাবে খোজ কাঢ়ি আহি সেইখিনি পালে। নদৰাম, ভাটিৰাম আৰু ছোৱালীটিক হাজিৰ কৰা হল। চাহাবে গাওঁবুঢ়া আৰু নদৰামৰ বুঢ়া বাপেকৰ পৰা কথাটো আঁতিগুৰি মাৰি শুনিলে; শুনি হুকুম কৰিলে, ‘ছোৱালীজনী এতিয়াই নদৰামৰ ঘৰলৈ যাব লাগে; আৰু ভাটিৰামক ধুবুৰীলৈ চালান দিব লাগে, তাত তাৰ বিচাৰ হৈ ফাটেক হব। যদি খুচিমতে ছোৱালীএ নদৰামৰ ঘৰ নকৰে, তেন্তে তাইকো| ফাটেক মদিয়া যাব।’