( ৫ )
গধূলি, প্ৰায় সাঁজ গৰি গৈছে। বঙলাৰ বহল বাৰান্দাত ইজি-চেয়াৰ এখনত বহি বৰ চাহাব, ওচৰতে সৰু টী-পয় এখনৰ ওপৰত সেউজীয়া আঁৰ দিয়া লেম্ আৰু বৰ চাহাবৰ হাতত খবৰৰ কাগজ।
মানুহ এজন মিলিটাৰী বুটৰ গেৰপ্-গেৰেপনি তুলি একেলগে চাহাবৰ সমুখতে হাজিৰ—গতি- বিধিত অলপো সঙ্কোচৰ ভাৱ নাই। চাহাবে কিছু বিৰক্ত হৈ সুধিলে,— ‘কোন?’ ‘হুজুৰ হাম্ নদৰাম হুঁ।’
‘কিয়া মাঙতা?’
‘হুজুৰে ভাটিৰামক মাফ কৰি এৰি দিব লাগে।
‘ক্যা?’
‘হুজুৰে ভাটিৰামক এৰি দিব লাগে।’
‘ভাটিৰামতো তোমাৰ দুষমন্ আছে??
‘হয়, হুজুৰ। পাছে, তাই ছোৱালীজনী কান্দিকাতি বিয়াকুল হৈছে। কি জানি ভাটিৰামক নাপালে তাই আত্মঘাতী হয়। কৈছে, বোলে তাইহে ভাটিৰামক এইবোৰ কৰিলে, ভাটিৰামৰ কিবা হলে তাই নিশ্চয় জীয়াই নাথাকে।
‘সেই মাইকী তোমাক নালাগে?
‘লাগিলে কি হব হুজুৰ! মোৰ লগত তাইৰ ৰাজীখুচি নাহিল যেতিয়া, তাইক ৰাখি কি লাভ হব? ভাটিৰামৰ লগতে থাকক।’
‘তোমাৰ মোকৰ্দমা ভাল নালাগেতো কৰিছিলি কেলেই?’
‘হুজুৰৰ হুকুমে ৰাজাৰ মান ৰাখিছে, মোৰো মান বচাইছে। এতিয়া মই নিজে খুচি হৈ এৰি দিছোঁ।’
‘তোমাৰ বুড্ঢা মাও-বাপ?’
‘বুড্ঢা মাও-বাপক হুজুৰ বুজাই দিম, ৰাজী খুচি নহলে ছোৱালীৰে ঘৰ কৰি কি সুখ হব!’ বৰ-চাহাব এক মুহূৰ্ত থমকি বল! তাৰ পাছত কলে, ‘নদৰাম, তুমি সাচ্চা আদ্ মি আছে। ভাটিৰামক আমি খালাচ দিব।’
- ↑ চেতনা, দ্বিতীয় বছৰ, তৃতীয় সংখ্যা, কাতি, ১৮৪২ শক।