পৃষ্ঠা:ময়না.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ময়না

ধৰাৰ কথা মনত পৰিল—সেই নদৰাম, সি চিপাহী। এইবোৰ ঠাইৰে কোনোবা মেচ বা ৰাজবংশী চিপাহীৰ নাম নদৰাম নাই নে?

 এনেতে চিপাহীৰ বুট পিন্ধা, ভৰিত ফিটা মেৰোৱা, মূৰত বুওৰ হেট, কঁকালত কুক্ ৰী থুমৰি আৰা, ২২।২৩ বছৰ বয়সীয়া গোৰা বৰণৰ ডেকা লৰা এটা ঘপৰ ঘপৰ কৰি বঙলাৰ ভিতৰলৈ সোমাই আহিল; আৰু এটা মিলিটাৰী চেলাম দি ওচৰতে থাকা বেঞ্চি এখনত বহি পৰিল। মই আচৰিত হলোঁ। চৰকাৰী বিষয়াৰ অভিমানেও এটা খুন্দা খালে। মই অলপ বিৰক্ত হৈ সুধিলোঁ—

 ‘কি লাগে?’

 ‘দেউতা, আপুনি অসমীয়া নেকি?’

 ‘এৰা’—চৰকাৰী হাকিমসকলে এইবোৰ প্ৰশ্ন ভাল নাপায়, সেই দেখি অতি সংক্ষেপ উত্তৰ।

 ‘বৰ ভাল হল। মোৰ এখন আৰ্জি লব লাগে। মোৰ মাইকী লৈ কিবা এট৷ কাজিয়া হৈছে।’

 ওচৰতে পুলিচ থানা, বঙলাৰ লগত লগা-লগি। মই বুজিলোঁ, মানুহটোএ মোক দাৰোগা বুলি ভুল কৰিছে। এই কথা ভাবি বিৰক্তি আৰু অলপমান চৰিল। হাতেৰে দেখুৱাই কলোঁ—

 ‘সৌৱা থানা। এয়া নহয়’ এই বুলি আগত থাকা পুৰণি খবৰৰ কাকতখন মেলি ললোঁ।

 খবৰৰ কাকত দেখি মানুহটোএ আৰু সুবিধাহে পালে। সি সুধিলে, 'দেউতা লড়াইৰ খবৰ কি?’ মই নামাতি থাকিলোঁ। সি বুজিব পাৰিলে, যে মই তাক তাচ্ছিল্য কৰিছোঁ। সি ঘপহ কৰে থিয় হৈ কৈ উঠিল, ‘উঃ, অসমীয়া মানুহেই অসমীয়া মানুহক নামাতে যদি আনে কি কৰিব! যাওঁ দেই।’ এই বুলি ঘপ ঘপ কৰে ওলাই গল।

 মোৰ মনত অলপ অনুতাপ উপজিল, বুজিলোঁ হাকিমি-মেজাজটো ভাল দৰে নাখাটিল। মানুহজনক মাতি আনিলো, বহিবলৈ দি সুধিলোঁ,—

 ‘তোমাৰ নাম কি?’

 ‘নদৰাম!’

 ‘নদৰাম, মাইকীৰ মামলা। এবছৰ আগৰ সকলো স্মৃতি জাগি উঠিল!

 ‘তুমি ফ্ৰান্সলৈ যুঁজলৈ গৈছিলা নে কি?’

 ‘হয়। দেউতাই কেনেকৈ জানিলে?’ তাৰ প্ৰশ্নৰ প্ৰতি কাণ নকৰি কলোঁ, —

 ‘কোৱাচোন কোৱা তোমাৰ মাইকীৰ বাবে কি কাজিয়া হৈছে!’

( ৩ )

 নদৰামৰ কথাটো এই—

 প্ৰায় দুবছৰ পূৰ্বে সি যুদ্ধলৈ যায়। যোৱাৰ ছ মাহমানৰ আগতে তাৰ গাৱঁৰে ছোৱালী এজনী সি বিয়া কৰাইছিল। ছোৱালীজনী ৰূপহী; বহুদিন আগৰ পৰা তাহঁত দুইৰ জনা শুনা।

 ফ্ৰাঞ্চৰ কোনবা ঠাইত যুদ্ধ কৰি থাকোঁতে সি হঠাৎ এদিন চিঠি পালে, তাৰ ঘৈণীয়েক