পৃষ্ঠা:মঞ্জৰী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
(৩)
 

(৬)

গায়িকাৰ ভঙা ভঙা কণ্ঠ মিহলোৱা
শুনিছিলোঁ নেপূৰৰ জুনুকী ঝঙ্কাৰ;

ফুলিছিলে আধাফুলা প্ৰেমৰ কঠুৱা কলি
 দেবঙ্ ভূষিতা বালা অপৰাজিতাৰ।

(৭)

দেখিছিলো ৰূপ জ্যোতি পদ্ম বনে বনে
উটি যোৱা অনন্তৰ তৰণী খনিৰ;

শুনিছিলো সিপাৰত বিজন প্ৰান্তৰ ছানি
 মধুৰ ছন্দৰে উঠা গীত মাধৱীৰ।


(৮)

ভাবিছিলোঁ অৰুণৰ ৰূপৰ মাধুৰী
নিৰস বুকুত মোৰ বব অবিৰাম;

উচাটন যৌৱনৰ পুলক ‘বিজুলী খেলা'
 প্ৰেমৰ কুঞ্জত বহি একেথৰে চাম।