পৃষ্ঠা:মঞ্জৰী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)
মঞ্জৰী
 

(৯)

চকুৰ আগত আহ! উজ্জ্বলি উঠিলে
অপূৰ্ব্ব ৰূপৰ জ্যোতি চতুদ্দিশ জিনি;
অশুভ ক্ষণত আহি বিদাৰিলে বক্ষস্থল,
 নুবুজিলোঁ কোন সিটি চামুণ্ডা ৰূপিনী।


(১০)

বুজিলো সিদিনা এই জীৱন তৰণী
উজান হেন্দোল এৰি যাব ভটিয়াই-
উঠা-নমা তৰঙৰ সহিব নোৱাৰি ঠেলা
 তটিনী সোঁতত দিব নিজক বিলাই।


(১১)

কঁপিল সিদিনা মোৰ নিশ্চল পৰাণ
পৰিল উন্মত্ত ঢৌত বসুধা উথলি;
উটি গ’ল কত শত ভুলৰ কৱিতা কুকি
 দুকুল ওপচি পৰা সোঁত সতে মিলি।