পৃষ্ঠা:মঞ্জৰী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)
মঞ্জৰী
 

(৩)

আথে বেথে ফাগুনীয়ে ভুৱন ভুলোৱা
অনাবিল গীত-ধাৰা দিলেহি বিলাই;

মৰতৰ মনোৰমা সেন্দূৰী খোপাত কোনে
 ৰঙা—বগা ফাকুগুড়ি দিলে ছটিয়াই?

(8)

দশোদিশে জগতৰ দৃশ্য মনোময়ী
কেনি কতো বিষাদৰ গীত মাত নাই;

বসন্তৰ অবুজনী আজলী কিশোৰী আহি
 নিমাত বিশ্বৰ বাঁহী দিলেহি কঁপাই!

(৫)

চঞ্চলা অঞ্চলা বালা মূৰ্ত্ত মুৰুতিৰে
কোন সউ অদুৰেদি ঢউ খেলি যায়;

পদুম কুঞ্জত বহি ঊষাৰ চানেকীটিয়ে
 দুগাল তিয়াই জানো কাৰ ছবি চাই?