পৃষ্ঠা:মঞ্জৰী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মঞ্জৰী

মঞ্জৰী

(কবিতা)

(১)

জীৱন-যাতনা আজি সহিব নোৱাৰি
গাইছেহি মাধৱীৱে মনমোহা গান;

অনন্ত ৰাগিণী-ময়ী প্ৰেমৰ কাকলি শুনি
  কানন কুঞ্জত কাৰ নাচি উঠে প্ৰাণ?

(২)

সেন্দূৰী আচল খনি অকুণ্ঠা ভাৱেৰে
কোনে আজি অযাচিতে দিলে উদঙাই;

অচিন বুকুৰ ৰেখা মুচি দিলে কোনে কাৰ?
 বিৰহিণী প্ৰেয়সীৰ শেষ ছবি চাই।