পৃষ্ঠা:মঞ্জৰী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“নহবা কুণ্ঠিতা আজি যাবা দূৰলই
 যোৱা গই মোৰ আৰু শেষ উক্তি নাই:
মহান ক্ষণত প্ৰিয়া নাই মোৰ অৰ্ঘ্য় দান
 ছন্দহীন গীতিকাৰে মাগিছোঁ বিদায়।”

 ভুল-চুক্ থাকিবইঃ কিয়নো ভুলৰ হাত সাৰিবৰ অধিকাৰ মানুহৰ নাই। দেশৰ সমালোচক আৰু পাঠক-পাঠিকাৰ হাতত ‘মঞ্জৰী’ৰ বিচাৰৰ সম্পূৰ্ণ ভাৰ সমৰ্পণ কৰি আমি ইমানতে সামৰিলোঁ! অৱশেষত ৰচয়িতাৰ পৰা ভবিষ্যতলৈকো নতুন লিখনি পোৱাৰ প্ৰত্যাশা নকৰি নোৱাৰিলোঁ। অন্তৰ্য্য়ামীয়ে ডেকা কবিৰ জীৱন চিৰ উজ্জ্বলতৰ কৰি তোলক।এয়েই আমাৰ শেষৰ কামনা! ইতি—

তাং ২২।৭৷৫৫ ইং
(শুক্ৰবাৰ)
বিনীত—
কোবাদ আলী আহমদ
ডিব্ৰুগড়।