পৃষ্ঠা:মঞ্জৰী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী

 পবিত্ৰ প্ৰেমক কেন্দ্ৰ কৰিয়েই কবিতাটি ৰচিত হৈছে। মানবে ব্যৰ্থতা নিবিচাৰে: কিন্তু ব্যৰ্থতা নিবিচাৰিলেও সি আপোনা আপুনি আহে। কবিয়ে বিৰহৰ দাৰুণ যন্ত্ৰণা হিয়াৰ গোপনতম কোনত সাঁচি লৈ আপোন মনে গাইছে-

“যৌৱনৰ মহা অৰ্ঘ্য  নকৰো কামনা
 ভালপোৱা প্ৰতিদানো নিবিচাৰে৷ হায়!
বিৰহৰ তীব্ৰজ্বালা অসহ্য ঝঙ্কাৰবোৰ
 থাকিম বুকুত সখি লই অকলেই!”

 দুনিয়াৰ ভিতৰত কেৰাণী আৰু শিক্ষক জাতিটোৰ সমান অৰ্দ্ধাহাৰী কোনো নাই। ডেকা কবি সেই অৰ্দ্ধাহাৰী দলৰ এজনা শিক্ষক। ঠায়ে ঠায়ে তেওঁৰ শব্দ-প্ৰয়োগত দুৰ্ব্বলতা প্ৰকাশ পাইছে যদিও মাজে মাজে বৰ প্ৰাঞ্জল হোৱা পৰিলক্ষিত হৈছে! তেওঁ সঁচাকৈয়ে আশা কৰিছিল-

“ভাবিছিলোঁ শৰতৰ  জোনোৱালী ৰাতি
 সেই প্ৰেম সেই সুধা একেৰাহে পাম :
ভাবিছিলোঁ যৌৱনৰ জ্বালাময়ী দিনবোৰ
 প্ৰেমক বুকুত লই নিৰলে কটাম।”

 মানৱ হিয়াৰ গোপনতম আশাবোৰ অপূৰণ হৈ থকাটো বিশ্ব দুনিয়াৰ এটা চিৰন্তন ৰীতি!সেই কথাষাৰ কবিয়ে হৃদয়ঙ্গম কৰিব পাৰিছে। কাজে কাজেই তেওঁ নিৰাশাক বুকুৰ আপোন কৰি লৈ গাই দিছে-