পৃষ্ঠা:মঞ্জৰী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী

‘মঞ্জৰী’ সম্বন্ধে দুআষাৰ


 ‘মঞ্জৰী’ৰ ৰচয়িতা এজন ২৪ বছৰীয়া ডেকা কবি৷ তেওঁৰ দুই-চাৰিটা কবিতা “ভ্ৰমৰ” আৰু 'মুক্তি' আদি কাকতত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। ডেকা কবিয়ে সেইখিনিতে ক্ষান্ত নেথাকি ‘মঞ্জৰী’ শীৰ্ষক সুদীৰ্ঘ কবিতাটি লিখি উলিয়াই আমাক চকু ফুৰাই দিবলৈ অনুৰোধ কৰে। আমি তেওঁৰ অনুৰোধ কোনোমতে উপেক্ষা নকৰিলোঁ—কৰিব নোৱাৰিলো!

 ঠোৰতে কবলৈ গলে ,‘মঞ্জৰী’খনি পঢ়িবলৈ পাই সুখী হৈছোঁ। ডেকা কবিৰ প্ৰকাশ ভঙ্গীমাই পাঠক-পাঠিকাক বেদনা নিদিয়াকৈ নেথাকিব কিজানি—

“দিয়া সখি আজি  মোক জীৱন যাতনা
 মদনৰ পঞ্চ শৰ মাৰা হৃদয়ত :
নিঠুৰ বজ্ৰৰ স্বৰে  কলিজ৷ কঁপাই দিয়া
 আৰু যত মহা অস্ত্ৰ আছে জগতত।”