পৃষ্ঠা:মঞ্জৰী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মঞ্জৰী

 


(১১৬)

নকওঁ কলিজা ভঙা বাকী থকা কথা
লক্ষ্য-হীন জীৱনৰ তৰী মেলি দিম;
নিৰাশাৰ বিজুলীত লক্ষ্যৰ চমক লেখি
অদূৰত বহি বহি ৰূপ-সুধা পিম।


(১১৭)

থাকা তেন্তে সখি আজি শেষ লক্ষ্যতেই
যৌৱনৰ যুক্তিহীন ভালপোৱা লই;
চাবা যাতে জীৱনত নুশুনো তোমাৰ সুৰ
বিৰহৰ বা-আহি হিয়াত নবয়।


(১১৮)

সেই সত্য তোমাকেই কৰিছোঁ অৰ্পণ
নিবিচাৰো তাত আৰু মঙ্গল মাধুৰী;
হলে হ’ক দিঠকেই অনন্ত স্বপ্নৰ ৰেখা
কণ্ঠে তুলি তাকে আজি লম সমাদৰি।