পৃষ্ঠা:মঞ্জৰী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
৩৯
 

(১১৩)

বেথাভৰা জীৱনৰ শেষৰ দিনত
মনত পৰিছে সখি অতীতৰ কথা;
যদিওবা চিতাগ্নিয়ে  দহিদিলে কলিজাটি
পাহৰিব পৰা নাই বিৰহৰ ব্যথা।

(১১৪)

কব খোজা সখি আজি ভুল প্ৰতিদান
অন্তৰে অন্তৰ চিনি নোপোৱাতো ভুল;
তুমিয়ে সিদিনা জানে৷ নাই দিয়া সোৱঁৰাই
এখনি অন্তৰে বুজা এখনিৰ মূল?

(১১৫)

আজি তুমি ‘মৌন ব্ৰতী’ নুশুনা একোকে
নাই মোৰে৷ কব লগা সামৰো পাতনি;
আহিছিলো কবলই  জীৱনৰ কথাবোৰ
যাওঁ গুচি অহা বাটে নকৰো আমনি।