পৃষ্ঠা:মঞ্জৰী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
মঞ্জৰী
 


১১০)

চাম তাতে অৰুণৰ নিতে নৱ-ৰূপ
প্ৰেমৰ চানেকি খনি পৰিব মোলান;
মোহ-মুগ্ধ মৰতৰ  বই অশ্ৰু অবিৰাম
উটুৱাই নিব কাৰো নোৱাৰিব প্ৰাণ।


(১১১)

জীৱন যমুনা ছানি উটি ভাহি যোৱা
লেখিছিলো এটি এটি পদুমৰ কলি;
উঠিছিল অনন্তত ভুৱন ভুলোৱা সুৰ
থৰ হই শুনিছিলো নপৰিলো ঢলি।


(১১২)

বিতোপন যৌৱন ‘ৰঙা-হাঁহি’ ভৰা
দেখিছিলো জগতৰ কান্তি বিমোহন;
অসীম কঁপাই তোলা প্ৰেমৰ সুৰভি ময়ী
দেখিছিলো কণকৰ মাধুৰী কিৰণ।