পৃষ্ঠা:মঞ্জৰী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মঞ্জৰী

 

{{Rule|


(১০৭)

লাজুকী লতাৰ দৰে মুচ্-কুচ্ যোৱা
দেখিছিলোঁ চকামকা আজলী বালাক;
শুনিছিলোঁ অৰুণৰ নিচুকনি গীতগোৱা
নিচিনিলোঁ সুন্দৰৰ ৰূপ-প্ৰতিমাক।


(১০৮)

ৰঙীণ যৌৱন উটি যাব ৰঙীনলে'
প্ৰণয়ৰ বালি ভেঁটা থান্ বান্ কৰি;
নিতউ নতুন ৰূপে  থাকিব তাতেই চৰি
অনন্ত মাধুৰী সুধা অতীত সুৱঁৰি।

(১০৯)

নাইতাত কলিজাৰ ডোঙা ডোঙা তেজ
কাতৰ চকুলো ভৰা নহয় সিঠাই;
প্ৰাণৰ প্ৰাণত বজা উন্মত্ত প্ৰেমৰ সুৰ
পশিব নোৱাৰি তাত জহি-খহি যায়।