পৃষ্ঠা:মঞ্জৰী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
মঞ্জৰী
 


(১০৪)

তুমি কোৱাকেই আজি কব খোজো সখি
‘ভুল’ বুলি অতীতক নাই দিয়া ঠাই;
ভুল হ'ল প্ৰথমেই  পথৰ সন্ধান লোৱা
আজি আৰু বুজিবলে বাকী থকা নাই।

(১০৫)

যৌৱন তীৰত বহি লিখোতে অলেখ
কণ কণ মুকুতাৰ ৰূপালী কিৰণ;
শেৱালীয়ে তৰিছিল  প্ৰণয়ৰ ইন্দ্ৰজাল
পাহিছানি জ্বলিছিলে অৰুণ-বৰণ।

(১০৬)

আৱেশ সুৱগী সুৰ নুশুনিলোঁ ক'তো
নেদেখিলো চিন-চাব দীপ্ত অমিয়াৰ;
থাকিল মাথোন জ্বলি  অনন্ত এগছি বন্তি
ধিমিকি ধিমিকি জ্বলি পাষাণী পুজাৰ।