পৃষ্ঠা:মঞ্জৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
৩৫
 

(১০১)

অতীতৰ নাই আজি মান-অভিমান
উটিযোৱা সপোনৰে৷ নেপাম সন্ধান;
যৌৱন কঁপাই দিয়া  নুঠে সেই সুৰ ধ্বনি
নাই অশ্ৰু, বিসৰ্জ্জন, নাই প্ৰতিদান।


(১০২)

বেদ-ধ্বনি, শঙ্খ-ধ্বনি, নাই আজি হায়!
আৰু নাই হোম-যজ্ঞ মহা মিলনৰ;
শ্মশানৰ শিখাকেই  থাকিম বুকুত লই
সুৱঁৰি সুৱঁৰি ভুল ব্যৰ্থ-জীৱনৰ।


(১০৩)

ভাবিছিলোঁ শৰতৰ জোনোৱালী ৰাতি
সেই প্ৰেম, সেই সুধা, একেৰাহে পাম;
ভাবিছিলোঁ যৌৱনৰ  জ্বালাময়ী দিনবোৰ
‘প্ৰেমক’ বুকুত লই নীৰলে কটাম।