পৃষ্ঠা:মঞ্জৰী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
মঞ্জৰী
 

(৯৮)

এয়ে আজি শেষ দেখা, মাগিছোঁ মেলানি
বিৰহ-কৱিতা ৰসে দুগাল তিয়াই;
শেষৰ দিনত প্ৰিয়া নকৰো আমনি আৰু
যোৱ৷ গুচি নৱ পথে উভতি নেচাই।


(৯৯)

কোৱাকেই কই মাথো কৰিলোঁ আমনি
মৰষিবা অন্তৰেৰে মোৰ দোষ দায়;
বাতুলৰ বলিয়ালী শুনিব নালাগে সখি
ধীৰে ধীৰে যোৱাগই সৰগ ধিয়াই!


(১০০)

‘বহুকথা’ কলে৷ আজি হঠাতে তোমাক
নুবুজিবা ভুল প্ৰিয়া থাকা নীৰলেই;
ব্যথাভৰা জীৱনৰ অনন্ত বেদনা শিখা
থাকিম বুকুত লই চাই তোমাকেই।