পৃষ্ঠা:মঞ্জৰী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
৩৩
 

(৯৫)

নহবা কুণ্ঠিতা আজি যাবা দূৰলই
যোৱাগই মোৰ আৰু শেষ-উক্তি নাই;
মহান ক্ষণত প্ৰিয়া  নাই মোৰ অৰ্ঘ্য দান
ছন্দ-হীন গীতিকাৰে মাগিছোঁ বিদায়।


(৯৬)

শেৱালীৱে আঁকিছিলে ছবি অৰুণৰ
শেৱালীৱে কৰিছিলে কৱিতাতে স্নান;
দেহাৰ এফালে জ্বলা  অজান ইকুৰা জুয়ো
শেৱালীৰে যৌৱনৰ শ্ৰেষ্ঠ-অৱদান।


(৯৭)

বিদায় বেলাত আজি নকৰি আক্ষেপ
নানিবা মনত কথা সেই শৰতৰ;
মিলনৰ পূণ্য-ভূমি  ছিন্ন হব বেজাৰত
শোকৰ কৱিতা ঘোষি দুটি পৰাণৰ।