পৃষ্ঠা:মঞ্জৰী.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মঞ্জৰী অৰ্ঘ্য

অনাগত জীৱনৰ দীপ্ত সুৱাসত
মৰমী মাধুৰী বালা নাচি নাচি আহি;
অভিমানী বিহগীৰ কণ্ঠ সমস্বৰে
দেখুৱালে যৌৱনৰ নিৰূপমা হাঁহি।
অসীম অনন্ত ছানি ৰূপ ভাহি গ'ল
প্ৰেমৰ অমিয়া-ছন্দ মনোলোভা কৰি;
গোপনে লাজুকী-লয়ী বিজুলী বালাই
যাচি দিলে নতুনৰ সুধা সমাদৰি।
পলকতে উঠি-নামি লুকালে কেনিবা
যৌৱনৰ নিনাদিতা ক্ষীপ্ত ঢউ বোৰ;
নিৰাশাত বাজি মাথো থাকিলে নীৰৱে
ছিন্ন-ছায়া জীৱনৰ নিঠৰুৱা সুৰ।
পাষাণ নিয়তি আহি দহিলে এদিনা
প্ৰণয়ৰ অৰিহণা ৰঙা নাৰ্জী ফুল;
ছেগ চাই কৱিতাৰ কুঞ্জ-বনে গঁথা
ব্যৰ্থতাৰ এইপাহি “মঞ্জৰী" মুকুল।

ধেনুখানা
“মৰমী পঁজা”
ইতি-
—লিখক—