পৃষ্ঠা:মঞ্জৰী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
মঞ্জৰী
 

(৯২)

কদম কলিৰে সখি নাজানো সাজিব
কেচ্কটা, ‘লট.কণ’ চকা পিতলৰ;
বুটা তুলি বনকৰা  পদুম পতীয়া নাই
প্ৰীতিৰ ‘জাকিত’ খনি হীন পৰাণৰ।

(৯৩)

ৰিহাত ‘কল্‌ক৷’ বাছি কৱিতা ফুলেৰে
তোমাক আমনি আৰু নকৰো দুনাই;
খঁহি যোৱা খোচোনাৰ  চঞ্চল ‘আঁচলি’ ধৰি
নকওঁ সাদৰী সখি হিয়াৰ বিলাই।

(৯৪)

গুচোৱা ওৰণি খনি এৰি অভিমান
কৱিতাৰে শেষ হাৰ আনিছোঁ সজাই;
শেষ-মাল্য সমাদৰি  সাদৰে বিদায় দিয়া
নিজ নিজ পথ ল'ক দুখনি হিয়াই।