পৃষ্ঠা:মঞ্জৰী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১মঞ্জৰী
 

(৮৯)

সপোনতে আল্‌ফুলে আধাগঁথা মালা
দিঠক্‌ত চেনেহৰ জৰি ছিগি যায়;
আকাশী লতাৰে গঁথা  দুহুৰীয়া অনিজৰী
প্ৰেমৰ কৰণি ভাঙি হিয়৷ কঁপোৱাই।


(৯০)

নাই সখি আমডালি ‘দুলনি কলচী’
‘দৈয়নৰ’ পূৰ্ণ পাত্ৰ; নাই পূৰ্ণ-জল;
এগছি শলিতা বন্তি   দুটিমান খুদুগুৰি
তোমাৰ পূজাৰ নাই পৱিত্ৰ সমল!


(৯১)

প্ৰেমৰ ‘লকেট’ সাজি ভাবিছিলো সখি
আল্‌ফুলে আঁৰি দিম ডিঙিত তোমাৰ;
অভিমানী যৌৱনৰ  গফত ওফন্দি উঠা
সেন্দুৰী সুষমা স’তে মোৰ কৱিতাৰ।