পৃষ্ঠা:মঞ্জৰী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
মঞ্জৰী
 

(৮৬)

হৃদয় নিকুঞ্জ আজি মৰহি শুকাল
যৌৱনৰ ভঁৰা-সুঁতি পকা বালি হ'ল;
আল্‌ফুলে কেতেকীৰ  কোমল কৱিতা চুমি
বীণা খনি ভাঙি-চিঙি নাইকিয়া হ'ল।


(৮৭)

শুনা সখি অনন্তত বাজিছে ‘দুন্দুভী’
বাজিছে মেলানি ৰৱে তন্ত্ৰী পৰাণৰ;
হিয়া-সিন্ধু দুলি উঠা  প্ৰেমৰ সৌৰভ আজি
লোৱা উপহাৰ বুলি চিৰ-বিদায়ৰ।


(৮৮)

আৱেগৰ সুধা-সনা ‘তৰুৱা কদম’
কুসুম মালিকা গাঁথি নাই যচা আজি;
যচা নাই শুনি শুনি  ‘কটুৰ’ আমনি পোৱা
বুলৰ সুৰভি কণ্ঠ কল্পনাৰে সাজি।