পৃষ্ঠা:মঞ্জৰী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
২৯
 

(৮৩)

নাহিবা ওচৰ চাপি দীন-দুঃখী মই
আধা বন্ধা খোপাটিত কিনো গুজিদিম;
ভিক্ষাৰীৰ ‘লাওলোৱা’ নাই সখি বন-ফুলো
তোমাৰ চেনেহী ছবি কিহেৰে পূজিম?


(৮৪)

অনন্ত মাধৱী ৰাতি নুপুৱালে সখি
নেদেখিলোঁ সেইদিনা চিন মানিনীৰ;
বকুল বনত মাথো  শুনিছিলোঁ একেৰাহে
গাই গাই জীণ যোৱা গীত কেতেকীৰ।


(৮৫)

লবানেকি! লোৱা তেনে শেষ অৰ্ঘ্য দান
যাওঁ গই বিদায়ৰ বাতৰি জনাই;
থাকক থাকিলে আৰু  অস্ফুত প্ৰাণৰ ভাষা
সময় আহিলে কম হিয়া উদঙাই।