পৃষ্ঠা:মঞ্জৰী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
মঞ্জৰী
 


(৮০)

প্ৰেমৰ,“ডবুৱা” বাছি গুণা দিয়া ৰিহা
যৌৱনৰ অৰ্ঘ্য দান নাই তোমালই;
চেনেহ কদম ফুলে ‘সাতসৰী' মালাগঁথা
অমূল্য ৰতন আজি, নাই দিবলই।

(৮১)

যৌৱনৰ ‘পূৰ্ণ তীৰ্থ' আছিল এদিনা
শাৰী শাৰী টগৰৰ ঢোপাকলি ভৰি;
মন্দাৰ-পলাশ ফুলি শোভিছিল কতকাল
দুখনি পৰাণ বান্ধি একেখনি কৰি!


(৮২)

এডালি পোৱাল ৰত্ন, এডালি মাণিক
ভাবিছিলোঁ গাঁথি তাৰে দিম উপহাৰ;
নুঠে দুলি আজি আৰু হৃদয় বীণাত মোৰ
প্ৰেমৰ পুৰৱী-সুৰ ব্যৰ্থ জীৱনৰ।