পৃষ্ঠা:মঞ্জৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
২৭
 


(৭৭)

ফাগুনৰ ফাকুঁসনা ৰাঙলী-ৰূপহী
ফুলাম কুঞ্জত বহি গাঁথি অন৷ নাই;
ৰজা-বগা পৰাগৰ এধাৰী মালতী মালা
জীৱনৰ যৌৱনৰ ৰূপ-চৰোৱাই।


(৭৮)

শেৱালিৰ আধাফুলা ঢোপা-কলি চিঙি
নাই অনা আল্‌ফুলে কৰণি ভৰাই;
নকৰো এডালি তাৰে চেনেহৰ ‘চেৰামণি’
বিৰহৰ বাত দিওঁ লেৰেলি শুকাই।


(৭৯)

‘জেটুকা’ বুলীয়া কৰি কিহেৰে বোলাম
পদুমৰ পাহি যেন দুটি অধৰত;
গুটি গুটি ডালিমৰ অনন্ত সুষমা বচা
সানি দিম কিনো সখি সেন্দুৰী গালত।