পৃষ্ঠা:মঞ্জৰী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
মঞ্জৰী
 


(৭৪)

চেনেহৰ দিগ্‌-বাণি গৰিয়লী কৰি
প্ৰীতিৰ আচুঁৰে তুলি চানেকি তোমাৰ;
তোমাতে তোমাৰ ছন্দ  সানি দিব খোজোতেই
 মাধুৰী হেৰাব খোজে মোৰ কৱিতাৰ।


(৭৫)

প্ৰণয়ৰ ‘গাথিয়ন’ থাকিল থকাতে
হালধীৰ বোল গ'ল কৰবালে উটি;
চিৰ-ব্যৰ্থ যৌৱনৰ  সজোৱা কুসুম ডালি
 ছন্দে-ভৰা পাহি ছিগি হ’ল এটি এটি।


(৭৬)

‘ইডেনৰ উদ্যানত নাই অনা গাঁথি
বাসৰুৱা ‘দুগ দুগী’ শুভ্ৰ টগৰৰ:
মৰমে জেউতি খজা  নেজ পতা কেৰু নাই
চেনেহৰ চিন মোৰ চিৰ-জনমৰ।