পৃষ্ঠা:মঞ্জৰী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
২৫
 

(৭১)

এনে ৰত্ন নাই সখি নাপালোঁ বিচাৰি
যাক পালে আনন্দত হবা পুলকিত;
নাগাঁথো পদুম কলি  নীৰলে তোমালে বহি
 নিৰূপমা বিৰহৰ অমৰাৱতীত।

(৭২)

প্ৰণয়ৰ পূৰ্ণ-দান নাই তোমালই
তন্ত্ৰী-হীন হৃদয়ত নাই একোসুৰ;
‘বীণাৰৰ’ মনোমোহা  স্বৰৰ কঁপনি নুঠে
 যৌৱনৰ প্ৰেম-পুষ্প নাইকিয়া মোৰ।

(৭৩)

নোৱাৰো তুষিব সখি আথে বেথে আনি
সাঁচৰুৱা ‘গামখাৰু’ জোৰোণ পিন্ধাই;
শালেকটা ‘কাতিয়ন’  মুগাৰ “ছতিয়া-ৰিহা”
 ব্যথিত প্ৰাণৰ অৰ্ঘ্য নাই সখি নাই।