পৃষ্ঠা:মঞ্জৰী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
মঞ্জৰী
 


(৬৮)

নাজানো ‘গায়ত্ৰী’ সুৰ তোমাৰ বন্দনা
প্ৰেমৰ পবিত্ৰ সখি নাই গঙা-জল;
অনন্ত ক্ষীৰৰ দধি মথোঁতে মথোতে সিওঁ
 অমৃত ভাণ্ডাৰ গুচি হ'ল হলাহল।


(৬৯)

হৃদয়ৰ মাধুৰীমা নাই কুঞ্জ-মধু
নাই একো দিবলই নেমেলিবা হাত;
‘জালিকটা’ দুঠিয়া  খনিয়া চেলেঙ নাই
 দিবলই ছাতি মাৰি আলসুৱা গাত।


(৭০)

চিতাৰ অগনি জ্বলি দহিলে হঠাতে
কলিজাৰ যি পাহি কামিনী-কাঞ্চন;
সেয়ে সখি পূৰ্ণ-অৰ্ঘ্য আছিল তোমালে মাথোঁ
 অশ্ৰুভৰা দৰদৰ মাধুৰী চন্দন।