পৃষ্ঠা:মঞ্জৰী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মঞ্জৰী

উপহাৰ


(৬৬)

সোণৰ ‘জিঞ্জিৰি’ সখি নাই তোমালই
ক'ত পাম ৰত্ন-ময়ী মণি-মুক্তা হাৰ;
চেনেহ কুসুমে মোৰ নাটিলে তোমালে আজি
 নাই একো দিবলই দগ্ধ-কলিজাৰ।


(৬৭)

পদুম বনত বহি পুষ্প “বনমালা”
চিঙি আনি নিজানত আলফুলে ল'ই;
নাই গঁথা মালাধাৰী তোমাৰ নামতে সখি
 নহয় কণ্ঠৰ মালা সেয়ে তোমালই।