পৃষ্ঠা:মঞ্জৰী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মঞ্জৰী
 

(৬৩)

যৌৱনৰ মহাভাৰ ভাঙিব নোৱাৰি
ইনাই বিনাই কেৱে কান্দে বেজাৰত;
কাতৰ বুকুৰ তেজ খাই নিত্য পাষাণীয়ে
 কৰিছে বিহেৰে ভৰা সুন্দৰ জগত।

(৬৪)

অনিত্য সংসাৰ তেন্তে জানিছা নিজেই
পাৰ্থিব সুখৰ সুখ তীব্ৰ হলাহল;
শৰতৰ সেই সুৰো পাহৰি পেলোৱা সখি
 নাই তাত মউ-ৰস, নাই পৰিমল।


(৬৫)

ময়ো আজি বুজো সখি মোৰো আছে প্ৰাণ
বিধাতাৰ শ্ৰেষ্ঠ-দান লম সমাদৰি;
কল্পনা কুসুম ফুলি কল্পনাতে জহি গ'ল
 তাৰ কথা কোনো কালে নাথাকো সুৱঁৰি।