পৃষ্ঠা:মঞ্জৰী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
২১
 


(৬০)

কোনোৱেব৷ প্ৰণয়ৰ ভাণ্ডাৰ বিদাৰি
মাধৱীৰ মউ-ৰস ধাৰেৰে বোৱাই;
ক'তৰ কাতৰ বুকে বজ্ৰৰ আঘাত লাগি
 আশাৰ পদুম কলি কলিতে শুকাই!


(৬১)

বিধিৰ বিধান কেয়ে খণ্ডাব নোৱাৰে
চিতাৰ শোকাগ্নি জ্বালি মৰে দেই-পুৰি;
কোনোৱেবা নিৰাশাৰ উত্বপ্ত নিশ্বাস ত্যজে
 পাৰ হই যৌৱনৰ পদুমনি পুৰী।


(৬২)

অসীম বৈভৱ লভি সুখ-সৰগত
ত্ৰিভঙ্গ ভঙ্গিৰে ক'ত কৰে বিচৰণ;
বিধাতাৰ নিৰ্যাতন থাকিব নোৱাৰি সহি
 সমাদৰি লয় কে'ৱে গহন কানন।