পৃষ্ঠা:মঞ্জৰী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
মঞ্জৰী
 


(৫৭)

দেৱীৰ মোহন মূৰ্ত্তি আৰাধোতে দেহি
ক্ৰন্দন ধ্বনিত কেৱে অসীম কঁপাই;
অনুতপ্ত জীৱনৰ হেৰুৱ৷ চানেকি আঁকি
 মউ-ভৰা প্ৰণয়ৰ পিয়াঁহ গুচাই।


(৫৮)

ক’ত জন জগতত দানী-মহামানী
কোনো জন দীন-দুখী কেঁও কিছুনাই;
ক’তই বুকুৰ জুই  থাকিব নোৱাৰি সহি
 অনন্ত সন্ধ্যাৰ স'তে মিলি গুচি যায়।


(৫৯)

যৌৱনৰ জয়শিঙা বাজি উঠা শুনি
ক'তৰ বুকুত বলে সুপ্ত তেজ ধাৰ;
কোনোৱেবা ব্যৰ্থতাৰ ৰোধিব নোৱাৰি ভেটা
 চকুৰ পানীৰে ৰচে প্ৰেম কবিতাৰ।