পৃষ্ঠা:মঞ্জৰী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
১৯
 

(৫৪)

কব পাৰা ভুল সখি “কবিতা নৈবেদ্য”
সৃষ্টিৰ ৰহস্য তাত আছিল লুকাই;
বিজয়া তিথিৰ দিনা  ভুল হ'ল দেৱী পূজা
 পৰাণৰ ভাল পোৱা ভুল হোৱা নাই।


(৫৫)

সবিতাৰ সু-শীতল ৰূপ-জেউতিত
নতুনৰ কুঁহি-কলি নাযাব শুকাই;
বোকাত পদুম ফুলি সেন্দুৰী সুষমা ৰাশি
 বিৰহ বিধুৰা বা-ক নীৰলে বিলাই।


(৫৬)

যোগবলে কোনোজনে মৃত্যু কৰে জয়
কাৰোবাৰ জগতত অস্তিত্ব হেৰাই;
যুঁজি যুঁজি কোনোজনে অশান্ত পৰাণ লই
 গহীন বনত বহি জীৱন কটাই।