পৃষ্ঠা:মঞ্জৰী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
মঞ্জৰী
 

(৫১)

অৰ্পিম যৌৱন সখি ভুলৰ পূজাত
নাভাবিবা কাতৰত গাম আৱাহন;
অগণন গীতি-নৃত্য অনন্ত অযুত বাদ্য
 বাজিব পূজাত সখি কৰি প্ৰাণ পণ।


(৫২)

নাভাবিবা ফল-পুষ্প আথানী এনেই
যৌৱনৰ ধূপ, দীপ অৰিহণা নাই;
ছিন্ন ভিন্ন হৃদয়ৰ শেষৰ সমল খিনি
 ভাবিছা পূজিম লই নীৰৱে গোটাই!


(৫৩)

অনন্ত ছন্দিকা ভৰা নুশুনা আজিতো
মঙ্গল আৰতি গীতি নাই মন্দিৰত;
তেজৰ নিশ্বাস এটি নোপোৱা আজিতো সখি
 ‘প্ৰেমৰ পাতত’ দিয়া মোহন ভোগত!