পৃষ্ঠা:মঞ্জৰী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
(১৭)
 

(৪৮)

সেইদিনা সখিয়তী অতীত বিচাৰি
প্ৰতিমাৰ মূৰ্ত্তছবি একেথৰে চাব;
ৰাগিণী মুঞ্জৰি উঠা  অনন্ত বেদনা পূৰ্ণ
 বিৰহৰ প্ৰেম-গীতি তাতে বহি গাব।


(৪৯)

বিতোপন শৰতৰ ছবি হেৰুৱাই
নিজান বনত পখি চকুলো টুকিব;
নিয়ঁতিৰ বুকু কঁপা বিকট চিঞৰ এটি
 নিস্তব্ধ ৰজনী ভেদি আকুলি উঠিব।


(৫০)

গাম সখি সেইদিনা প্ৰাণভৰা-গীতি
অতীতক দূৰণিলে' দিম দলিয়াই;
মোহ-মুগ্ধ প্ৰকৃতিৰ নতুন চানেকিখনি
 নিৰাশ বুকুত লম যতনে ভৰাই।