পৃষ্ঠা:মঞ্জৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)
মঞ্জৰী
 


(8৫)

কপট মাধুৰী ঢালি গাইছিলা গান
অনুপম যৌৱনৰ গৰিমা বিলাই;
প্ৰেমৰ পিঞ্জৰা ভাঙি মইনা আঁতৰি গলে
 ভাবিছিল৷ কান্দি ৰম খালী সজা চাই!


(৪৬)

নাভাবিবা জগতত মউ-মধু ভৰা
মায়াঁ, মৰীচিকা আৰু নাই সখি তাত;
নাপাবা বিচাৰি ক'তো শোকৰ কবিতা এটি
ইননি-বিননি অশ্ৰু নাই বসুধাত।


(৪৭)

ঘিউৰ এগচি বন্তি শেষ হই গ'ল
অনন্ত সম্ভাৰ ৰ'ল থাপনাতে পৰি;
উঠে আজি কিয় তাতে অনাগত সুৰ এটি
 পূজাৰীৰ জীয়া তেজ বিচাৰি বিচাৰি?