পৃষ্ঠা:মঞ্জৰী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
(১৫)
 

(৪২)

আহিছোঁ আন্ধাৰ ফালি যামগে' অকলে
নেকান্দিম জীৱনৰ পথ হেৰুৱাই;
শ্মশানৰ অগ্নি-শিখা বুকুত জ্বলাই লই
 আন্ধাৰ পথত নিতে যাম আগুৱাই।


(৪৩)

শোক-অশ্ৰু দুঃখ-তাপ চিন্তা চিতা-ধুম
অকাতৰে এতিয়াই সকলো ত্যজিম;
কলিজাৰ এফালত জ্বালিলা চিতাৰ জুই
 জীৱনত স্মৃতিকথা কিয় পাহৰিম?


(88)

ভাবিছিলা বিৰহৰ অসহন জ্বালা
হৃদয়ত ল'ই সখি নীৰৱে সহিম;
জীৱনৰ লক্ষ্য এৰি ৰূপত জিলিকি উঠ
 মৰীচিকা খেদি খেদি ভাগৰি পৰিম?