পৃষ্ঠা:মঞ্জৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)
মঞ্জৰী
 


(৩৯)

তমোময় যৌৱনৰ ‘লুকা লুকি’ খেলা
নাই তাত ছাঁয়া চকা বিজুলীৰ ঢউ;
নাভাবিবা বিৰহৰ  জ্বলি থক৷ চিতা জুয়ে
 হিয়া খনি দহি-পুৰি থাকিব নিতউ!


(৪০)

নাভাবিবা স্মৃতিকে আকুলি থাকিম
উটি যোৱা গান কিটি গাম পুনৰাই;
চিঙি যোৱা তাঁৰ ডালি  ৰেপিম ভুলতো সখি
 তোমাৰ ৰাগিণী স্বৰ গীতত মিলাই।


(৪১)

তুমিতো নুবুজা সখি অন্তঃ বীণাৰ
উঠি উঠি মাৰ যোৱা লয় ৰাগিনীৰ;
শুনা নাই কাহানিও মাদুৰি বনত গোৱা
 কেতেকীৰ কণ্ঠস্বৰ কেনে সুমধুৰ?