পৃষ্ঠা:মঞ্জৰী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
(১৩)
 


(৩৬)

দিয়া সখি আজি মোক জীৱন-যাতনা
মদনৰ পঞ্চ শৰ মাৰা হৃদয়ত;
নিঠুৰ বজ্ৰৰ স্বৰে কলিজা কপাঁই দিয়া
 আৰু যত মহা-অস্ত্ৰ আছে জগতত।


(৩৭)

নাভাবিবা নোৱাৰিম সহিব যাতনা
নিদাৰুণ ময়ো শত নকৰো আক্ষেপ;
যত পাৰা মাৰি থাকা থাকিম নীৰৱে ৰই
 নহওঁ কাতৰ ওহোঁ, নকৰো সন্তাপ।


(৩৮)

প্ৰাণেই যদিও আজি প্ৰাণ কপোঁৱাই
প্ৰণয়ৰ অশ্ৰু-নীৰ নাই সখি তাত;
যদিওবা বিৰহৰ গইছে এসুঁতি বই
 নাই জৰা পদ্ম মধু হৃদি-চাহাৰাত।