পৃষ্ঠা:মঞ্জৰী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)
মঞ্জৰী
 


(৩৩)

সেই তাতে নিজানত, ফল্গু সলিলৰ
তীৰত নীৰলে বহি শেষ গীতি গাম;
পুৰণি চকুত মোৰ  নতুনৰ বোল সানি
 পথহাৰা তটিনীৰ ঢউখেলা চাম।


(৩৪)

ৰূপৰ প্ৰতিমা গঢ়ি কতজনে আজি
কণ কণ মুকুতাৰ মালাৰে সজাই;
চাতুৰীৰ পদাঘাত  সহিব নোৱাৰি কেৱে
 নীৰলত বহি কান্দে ইনাই বিনাই।


(৩৫)

অদ্ভুত প্ৰেমৰ স্মৃতি নামানিব প্ৰাণে
অন্তৰ্দ্দাহী জ্বলাজুয়ো নাযাব নুমাই;
যাব মাথো যাব লগা  বিৰহৰ শোক তাপ
 ভঙাবুকু একেদৰে নেথাকে সদায়।