পৃষ্ঠা:মঞ্জৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
(১১)
 

(৩০)

যাম গুচি অসীমৰ গন্তব্য স্থানলে'
শান্তি-পুৰ্ণ শেষ-পথ ফুলেৰে সজাই;
শ্যামলা তোমাৰ পথ যোৱা তুমি সেই পথে
 মোৰ পথ “দগ্ধ-চিতা” যাম আগুৱাই।


(৩১)

অলীক কল্পনা প্ৰিয়া নকৰিবা আজি
আগুৱান হোৱা মাথো বান্ধি লই বল;
বিচাৰিব পুনৰপি  আঁতুৰ পৰাণে মোৰ
 কলিজাৰ দহা-পোৰা প্ৰেম-গঙ্গাজল।


(৩২)

নবয় বসন্তৰ বা নাই কুঁহি পাত
পদুমৰ ফুল কলি কলিতে শুকাই;
নাই তাত গুণ গুণ  বলিয়া অলিৰ স্বৰ
 সেয়ে হব জীৱনৰ মাথো শ্ৰেষ্ঠ ঠাই।