পৃষ্ঠা:মঞ্জৰী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)
মঞ্জৰী
 


(২৭)

ভাবিছা বাজিব আজি ছিন্ন হৃদয়ত
শৰতৰ সেই সুৰ গীত অনুপম;
ভাবিছা কিজানি আজি অবিনাশী অৰুণৰ
 পাষাণ চানেকিটিকে আঁকোৱালি লম।


(২৮)

দেখিছিলোঁ পৰাগত পাপৰিৰ লয়
কৰিছিলে অদূৰত পৱনে কল্লোল;
অসীম কপাঁই তোলা শুনিছিলোঁ লতিকাৰ
 যৌৱনৰ বিনন্দীয়া কান্দোনৰ ৰোল।

(২৯)

ৰচিম এখনি কুঞ্জ নিকুঞ্জ বনত
যত সখি ফলে ফুলে ফুলক সজাই;
বিৰহৰ স্বপ্ন দেখি ভাগৰি নপৰো য'ত
লভিম অনন্ত সুখ তাতে মিলি গই।